নতুন দিল্লীঃ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কৰ্মচাৰী ভৱিষ্যৎ নিধি সংগঠন (EPF)ৰ অধীনত অহা সকলো প্ৰতিষ্ঠানত নিয়োগকৰ্তা আৰু কৰ্মচাৰীৰ ভৱিষ্যৎ নিধিৰ বৰঙণি তিনিমাহৰ কাৰণে নিয়ম অনুসাৰে দিবলগীয়া মূল দৰমহাৰ ১২শতাংশৰ পৰা হ্ৰাস কৰি ১০শতাংশ কৰাৰ ঘোষণা কৰিছে। কৰ্মচাৰীসকলক অধিক দৰমহা প্ৰদান কৰিবলৈ আৰু নিয়োগকৰ্তাসকলক পিএফৰ ক্ষেত্ৰত বকেয়া আদায়ৰ ক্ষেত্ৰত ৰেহাই দিবলৈ এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। ইয়াৰ দ্বাৰা দুয়োপক্ষই মুঠ ৬,৭৫০কোটি টকাৰ নগদ লাভ পাব। সেইদৰে ইপিএফৰ কাৰণে সহায় অহা তিনি মাহৰ কাৰণে বৃদ্ধি কৰা হৈছে। এই সুবিধা জুন–জুলাই–আগষ্ট মাহলৈকে থাকিব। ইয়াৰ পূৰ্বে মাৰ্চৰ পৰা মে’ মাহলৈকে দিয়া হৈছিল।
এই সিদ্ধান্ত ইপিএফৰ আওতাত অহা সকলো কোম্পানীৰ ক্ষেত্ৰতে বলৱৎ হ’ব। ইয়াৰ জৰিয়তে ৪.৩ কোটি কৰ্মচাৰী আৰু ৬.৫কোটি উপভোক্তাই লাভ উঠাব পাৰিব। কোৰোণা মহামাৰীৰ সৈতে যুঁজি থকা আৰু লকডাউনৰ কাৰণে নগদ ধনৰ সমস্যাৰ সৈতে যুঁজি থকাসকলে ইয়াৰ জৰিয়তে উপকৃত হ’ব।
১৫হাজাৰ টকাৰ কম দৰমহা পোৱাসকলৰ ইপিএফ আগষ্ট মাহলৈকে কেন্দ্ৰই প্ৰদান কৰিব
ইয়াৰ বাহিৰে বিত্ত মন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী দৰিদ্ৰ কল্যাণ আঁচনিৰ অধীনত দিয়া সাহাৰ্য অহা আগষ্ট মাহলৈকে বৃদ্ধি কৰিছে। ইয়াৰ জৰিয়তে সংগঠিত ক্ষেত্ৰৰ কৰ্মচাৰীসকলে কৰ্মচাৰী ভৱিষ্যৎ নিধিত প্ৰদান কৰিবলগীয়া মূল দৰমহাৰ মুঠ ২৪শতাংশ (১২শতাংশ কৰ্মচাৰীৰ আৰু ১২শতাংশ নিয়োগকৰ্তাৰ) চৰকাৰে প্ৰদান কৰিব। ইয়াৰ জৰিয়তে ৩.৬৭লাখ নিয়োগকৰ্তা আৰু ৭২.২২লাখ কৰ্মচাৰীয়ে সকাহ পাব। সীতাৰমণৰ মতে, সংগঠিত ক্ষেত্ৰৰ ৭২.২২লাখ কৰ্মচাৰী আৰু তেওঁলোকৰ নিয়োগকৰ্তাই মুঠ ২,৫০০কোটি টকাৰ লাভ পাব।