কোৰোণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে দেশজুৰি ৰে’লসেৱা বাতিল কৰা হৈছিল। কিন্তু ৫০ দিনৰ পিছত চৰকাৰে আকৌ এবাৰ যাত্ৰীবাহী ৰে’ল চলাচল কৰাৰ সিদ্ধান্ত লৈছে। ইয়াৰ পূৰ্বে কেৱল মালগাড়ী আৰু শ্ৰমিক স্পেচিয়েল ৰে’লহে চলোৱা হৈছিল। ১৭ মে’ত শেষ হ’ব তৃতীয় পৰ্যায়ৰ লকডাউন। ৰে’লৰ চলাচল আৰু যাত্ৰাক লৈ কেইবাটাও চৰ্ত আৰু নীতি–নিয়ম প্ৰৱৰ্তন কৰা হৈছে। এই সন্দৰ্ভত আপোনাৰ মনতো নিশ্চয় কেনেকৈ টিকট পাব, ভাৰা কিমান হ’ব আদি প্ৰশ্নবোৰ উদয় হৈছে। জানো আহক এনে কেতবোৰ প্ৰশ্নৰ উত্তৰ।
প্ৰশ্ন : সমগ্ৰ দেশতে ৰে’লসেৱা আৰম্ভ হ’বনে বৰ্তমান কেইখনমান ৰে’লহে চলাচল কৰিব?
উত্তৰ : ১২ মে’ৰ পৰা প্ৰতিখন চহৰলৈ ৰে’ল চলাচল নকৰে। আৰম্ভণিতে ১৫খন ৰে’ল (আপ–ডাউন মিলাই ৩০খন ৰে’ল) চলোৱাৰ পৰিকল্পনা লোৱা হৈছে। আটাইকেইখনে বিশেষ ৰে’ল। পিছলৈ ৰে’লৰ সংখ্যা বৃদ্ধি হ’ব পাৰে।
প্ৰশ্ন : কোন কোন চহৰৰ মাজত চলিব ১৫খন ৰে’ল?
উত্তৰ : আৰম্ভণিতে এই ১৫খন ৰে’ল নতুন দিল্লী ষ্টেচনৰ পৰা চলিব। নতুন দিল্লীৰ পৰা ডিব্ৰুগড়, আগৰতলা, হাওৰা, পাটনা, বিলাসপুৰ, ৰাঁচী, ভুবনেশ্বৰ, ছিকন্দ্ৰাবাদ, বেংগালুৰু, চেন্নাই, তিৰুৱনন্তপুৰম, মডগাঁও, মুম্বাই চেন্ট্রেল, আহমেদাবাৰ আৰু জম্মুতৱীলৈ চলিব।
প্ৰশ্ন : কেতিয়াৰ পৰা আৰম্ভ হ’ব টিকটৰ বুকিং?
উত্তৰ : যদি আপুনি এই ৰে’লত যাত্ৰা কৰিব বিচাৰিছে তেন্তে ইয়াৰ বাবে আপুনি IRCTCৰ ৱেবছাইটলৈ গৈ ৰিজাৰ্ভেচন কৰিব লাগিব। বুকিং ১১ মে’ অৰ্থাৎ বিয়লি চাৰি বজাৰ পৰা আৰম্ভ হ’ব। মনত ৰাখিব যে ষ্টেচনৰ কাউণ্টাৰত নাপাব ৰে’লৰ টিকট। বন্ধ থাকিব কাউণ্টাৰসমূহ। কেৱল অনলাইনতহে বুকিং কৰিব পাৰিব টিকট।
প্ৰশ্ন : ৱেটিং টিকট আৰু RACত থকাসকলে ৰে’লত উঠাৰ অনুমতি পাবনে?
উত্তৰ : নাপাব, কেৱল কনফাৰ্ম টিকট থকাসকলেহে যাত্ৰা কৰিব পাৰিব। ইয়াৰ উপৰি যাত্ৰা কৰিবলগীয়া সকলো যাত্ৰীৰে স্ক্ৰীণিং টেষ্টো কৰা হ’ব। কোৰোণাৰ লক্ষণ থকা যাত্ৰীক ৰে’লত যাত্ৰাৰ অনুমতি দিয়া নহ’ব।
প্ৰশ্ন : পূৰ্বৰ দৰে টিকটত ৰেহাই দিয়া হ’ব নেকি? কিমান হ’ব ৰে’লৰ ভাৰা?
উত্তৰ : ৰে’ল বিভাগৰ মতে, বৰ্তমান কোনো কেটেগৰীৰ যাত্ৰীয়ে ভাৰাৰ ক্ষেত্ৰত ৰেহাই নাপাব। এই ৰে’লৰ ভাৰা ৰাজধানী এক্সপ্ৰেছৰ সমান হ’ব। অৰ্থাৎ সকলো ডবা তেনেকুৱাই হ’ব।