গুৱাহাটীত নতুনকৈ কোৰোণাত আক্ৰান্ত হৈছে ৪ গৰাকী। কিন্তু তাৰে ভিতৰত এজনী ১৬ বছৰীয়া কিশোৰীৰ ইতিমধ্যে মৃত্যু হৈছে। কিছুদিন ধৰি জ্বৰ কাঁহত ভুগি থকাৰ পিছত কিশোৰী গৰাকীৰ বুধবাৰে মৃত্যু হয়। কিন্তু মৃত্যুৰ পিছতো কিশোৰীগৰাকীক সন্দেহবশতঃ কোৰোণা পৰীক্ষা কৰা হৈছিল। আৰু বৃহস্পতিবাৰে মৃত কিশোৰীগৰাকী কোৰোণাত আক্ৰান্ত আছিল বুলি ধৰা পৰে।
কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকৰ দেহতো ধৰা পৰিছে কোৰোণা ভাইৰাছৰ লক্ষণ। বৰ্তমান ঘৰৰ আটাইবোৰ সদস্যকে কোৱাৰেণ্টাইন কৰা হৈছে। এই তথ্য টুইটাৰযোগে জনাইছে জ্যেষ্ঠ সাংবাদিক অতনু ভূঞাই।

কিন্তু এটা কথা ঠিক যে, গুৱাহাটীত নতুনকৈ ধৰা পৰা চাৰিগৰাকীৰ ভিতৰত তিনিজনৰ কোনো ধৰণৰ ট্ৰেভেল হিষ্ট্ৰী নাই। জানিব পৰা মতে, ল’ক ডাউনৰ সময়ত তেওঁলোক গুৱাহাটীতে আছিল। এই ঘটনাই এতিয়া হঠাত্ গুৱাহাটীত সৃষ্টি কৰিছে আতংকময় পৰিবেশৰ।