ভয়ংকৰ খবৰ। গুৱাহাটীত নতুনকৈ কোৰোণাত আক্ৰান্ত হোৱা চাৰিগৰাকী ৰোগীৰ নাই কোনো কণ্টেক্ট হিষ্ট্ৰী।

ভয়ংকৰ খবৰ! গুৱাহাটীত  নতুনকৈ কোৰোণাত আক্ৰান্ত হোৱা চাৰিগৰাকী ৰোগীৰ নাই কোনো কণ্টেক্ট হিষ্ট্ৰী। মাৰ্কাজ বা আজমেৰৰ সৈতে নাই কোনো ধৰণৰ সম্পৰ্ক। ফলত এতিয়া মনলৈ শংকা আহিছে যে, গুৱাহাটীৰ বহু অচিন লোকে দেহত কঢ়িয়াই লৈ ফুৰিছে নেকি কোৰোণা ভাইৰাছ?

তথ্য অনুসৰি অসমত নতুনকৈ কোৰোণাত আক্ৰান্ত হোৱা চাৰিগৰাকীৰ ভিতৰত এগৰাকীৰ ইতিমধ্যে মৃত্যু হৈছে। বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ ক্লীনাৰ ক’লনীৰ ১৬ বছৰীয়া এগৰাকী কিশোৰী কিছুদিন জ্বৰ, কাঁহত ভুগি আছিল। বুধবাৰে কিশোৰীগৰাকী মৃত্যু হোৱাৰ পিছত সন্দেহবশতঃ কোৰোণা টেষ্ট কৰাৰ পিছত ধৰা পৰে কোৰোণাৰ অৱস্থিতি।

আমাৰ হাতত পৰা তথ্য অনুসৰি, গুৱাহাটীত কোৰোণাত আক্ৰান্ত হোৱা চাৰিজনৰ ভিতৰত এজন গুৱাহাটী চিকিত্‍সা মহাবিদ্য়ালয়ৰ চিকিত্‍সক। আনহাতে এগৰাকী চান্দমাৰীৰ মহিলা আৰু এগৰাকী সৰুসজাই কোৱাৰেণ্টাইন চেণ্টাৰত আছিল।

উল্লেখযোগ্য যে, এই তথ্য আমি বিশেষ সুত্ৰৰ পৰা পোৱাহে। চৰকাৰী আনুষ্ঠানিকতা এতিয়াও বাকী।

আতংকিত নহ’ব। সকলো ঘৰত থাকক, সুৰক্ষিত থাকক, সচেতন হওক।

About the author

+ posts