পুৱা ৬.৩০ বজাত সংঘটিত এই দুৰ্ঘটনাত উৰণীয়া সেঁতুৰ ওচৰত ৰে’লৱে ট্ৰেকত শুই থকা ১৭জন শ্ৰমিকৰ মৃত্যু হয়।

মহাৰাষ্ট্রৰ ঔৰংগাবাদত সংঘটত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। ৰে’লপথত শুই থক প্ৰবাসী মজদুৰৰ ওপৰেৰে এখন ৰে’ল পাৰ হৈ যোৱাত ঘটনাস্থলীতে ১৭জন শ্ৰমিকৰ মৃত্যু হয়। জানিব পৰা মতে, ঔৰংগাবাদ–জালনা ৰে’লৱে লাইনত সংঘটিত হয় এই দুৰ্ঘটনা। পুৱা ৬.৩০ বজাত সংঘটিত এই দুৰ্ঘটনাত উৰণীয়া সেঁতুৰ ওচৰত ৰে’লৱে ট্ৰেকত শুই থকা ১৭জন শ্ৰমিকৰ মৃত্যু হয়।

এই আটাইকেইজন শ্ৰমিক মধ্য প্ৰদেশৰ আছিল আৰু ৰে’ল ধৰিবলৈ ভুসাৱললৈ গৈ আছিল। আটাইকেইজনে জলগাঁৱত আইৰন ফেক্টৰীত কাম কৰিছিল। বৃহস্পতিবাৰেও ঔৰংগাবাদৰ পৰা মধ্য প্ৰদেশলৈ ৰে’ল চলিছিল। শ্ৰমিকসকলে ৩৫–৩৬ কিলোমিটাৰ খোজ কঢ়াৰ পিছত বদনপুৰ আৰু কাৰমডৰ মাজত ৰে’ল লাইনতে শুই পৰিছিল। সেই সময়তে সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা।

লকডাউনৰ পিছতে বন্ধ হৈ পৰিছিল শ্ৰমিককেইজন কাম কৰা ফেক্টৰী। পিছত পুনৰ লকডাউন বৃদ্ধি কৰাৰ পিছতে এই শ্ৰমিকসকলে গাঁৱলৈ যাব বিচাৰিছিল। ভুসাৱলৰ পৰা মধ্য প্ৰদেশলৈ আজি সন্ধিয়া এখন বিশেষ ৰে’ল যোৱাৰ কথা আছিল।

এই ঘটনাত দুখ প্ৰকাশ প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। মোদীয়ে কয় যে মহাৰাষ্ট্ৰৰ ঔৰংগাবাদত হোৱা দুৰ্ঘটনাত হোৱা ক্ষতিত অত্যন্ত দুখ পাইছো। ৰে’ল মন্ত্ৰী পীয়ূষ গোৱেলৰ সৈতে আলোচনা কৰিছো আৰু পৰিস্থিতিৰ ওপৰত নজৰ ৰখা হৈছে। চৰকাৰৰ ফালৰ পৰা সকলো সহায় আগবঢ়োৱা হ’ব।

About the author

+ posts