দিল্লীৰ ময়ূৰ বিহাৰস্থিত CRPFৰ ৩১নং বেটেলিয়নৰ সৰ্বমুঠ ১৩৭জন আক্রান্ত হৈছে Covid- 19ত।

নতুন দিল্লীত অসমৰ ৩৫জন লোক Covid-19 ত আক্রান্ত। ইয়াৰে ২৯ জনেই CRPFৰ জোৱান। CRPFত কৰ্মৰত মণিপুৰৰ চাৰিজনৰ শৰীৰতো পোৱা গৈছে কোৰোণাৰ অৱস্থিতি। দিল্লীৰ ময়ূৰ বিহাৰস্থিত CRPFৰ ৩১নং বেটেলিয়নৰ সৰ্বমুঠ ১৩৭জন আক্রান্ত হৈছে Covid- 19ত। ইয়াৰ ভিতৰত ২৯জন অসমৰ। ইয়াৰ লগে লগে ৰাজধানী চহৰখনত Covid-19ত আক্রান্ত হোৱা অসমৰ লোকৰ সংখ্যা হৈছেগৈ ৩৫জন ।

দিল্লীত কোৰোণাত আক্ৰান্ত অসমৰ CRPF জোৱানৰ তালিকা :

১. ইকৰাম হুছেইন – (৫৫) – বৰপেটা

২. দেৱজিত বৰুৱা – (৩৪) – যোৰহাট
৩. অংকুৰ নাথ – ( ২৫) – বাক্সা
৪. ৰণবীৰ লিম্বু – (৩৮) – ওদালগুৰি
৫. পি চি দাস – (৩৭) – নলবাৰী

৬. টোকেশ্বৰ বৰা – (৩৪) – ডিব্ৰুগড়
৭. বিপুল ৰাজবংশী – (৩৬) – ৰঙিয়া
৮. মুকেশ কলিতা – (৩৭) – দৰং
৯. মাণিক পাঠক – (৪৭) – বাক্সা
১০. চয়ন নাথ – (৩৩) – হাইলাকান্দি
১১. অজাহাৰ আলী – (৩৬) – বাক্সা
১২. খাজা মইনুদ্দিন – (৩৯) – বঙাইগাঁও
১৩. ধ্ৰুৱ জ্যোতি শইকীয়া – (৩৫) – লখিমপুৰ
১৪. পংকজ নাথ – (৩৭) – মৰিগাঁও
১৫. ৰত্নেশ্বৰ কছাৰী – (৪০) – বাক্সা
১৬. সুজিত নাথ – (৪৯) – কাছাৰ
১৭. আৰ মুছাহাৰী – (৪২) – কোকৰাঝাৰ
১৮. জ্ঞানজিত লাহন – (৩৮) – শোণিতপুৰ
১৯. দীপক ৰজক – (৩২) – কাৰ্বি আংলং
২০. ভদ্ৰেশ্বৰ নাথ – (৫২) – নগাঁও
২১. পংকজ গোহাঁই – (৪২) – শিৱসাগৰ
২২. জিতেন নাথ – (৩৩) – বঙাইগাঁও
২৩. সতীশ ৰামচিয়াৰী – (৪২) – বাক্সা
২৪. গিৰেন্দ্ৰ দাস – (৪০) – নলবাৰী
২৫. দিগন্ত মজুমদাৰ – (৩৮) – বৰপেটা
২৬. সুশীল শইকীয়া – (২৮) – কাৰ্বি আংলং
২৭. বিজু মোহন মেধি – (৩৮) – বৰপেটা
২৮. কে কে নাথ – (৫৩) – কাছাৰ
২৯. কুমুদ কলিতা – (৩৮) – কামৰূপ

দিল্লীত Covid-19ত আক্রান্ত হোৱা মণিপুৰৰ লোকৰ তালিকা :

১. শেগলসেম হেৰ’জিত মেইটেই – (২৯) – পশ্চিম ইম্ফল
২. এল ৰমেন মেইটেই – (৪০) – ইম্ফল পশ্চিম ।
৩. নজিৰ আলী – (৪৮) – ইম্ফল
৪. পি এইচ প্ৰমোট মীথ – (৪৮) – ইম্ফল পশ্চিম ।

ইতিমধ্যে যোৱা ২৮ এপ্ৰিলত ইকৰাম হুছেইনৰ মৃত্যু হৈছে। আনহাতে বাকী কেইজন দিল্লীৰ বিভিন্ন কোৱাৰেণ্টাইন চেণ্টাৰত চিকিৎসাধীন হৈ আছে।

About the author

+ posts