মুখ্যমন্ত্ৰীয়ে কৈছিল – মোৰ দৃঢ় বিশ্বাস আমি অৰ্থনৈতিক দিশটো পুনৰ টনকিয়াল কৰিব পাৰিম ৷

অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া সুভাষ চন্দ্ৰ দাসৰ নেতৃত্বত গঠন ৮ জনীয়া পৰামৰ্শদাতা সমিতি৷ সমিতিত সদস্য হিচাপে আছে ড০ কে এম বুজৰবৰুৱা, ড০ মাধূৰ্য বেজবৰুৱা, ড০ জয়দীপ বৰুৱা, ড০ অমিয় শৰ্মা, গৌতম গোস্বামী, কৃষ্ণকান্ত বৰা আৰু অদীপ কুমাৰ ফুকন৷ জনতাই সন্মুখীন হোৱা অৰ্থনৈতিক সমস্যাক লৈ অৰ্থনীতিবিদৰে ২৮ এপ্ৰিলত আলোচনাত মিলিত হৈছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল৷ ২৯গৰাকী অৰ্থনীতিবিদে পৰামৰ্শ আগবঢ়াইছিল ৰাজ্য চৰকাৰক৷ কৃষি, উদ্যোগ, বাণিজ্য সকলো দিশত হ্ৰস্ব আৰু দীৰ্ঘম্যাদী আঁচনি লোৱাৰ পৰামৰ্শ দিছিল অৰ্থনীতিবিদে৷ লগতে পৰামৰ্শ দিছিল, সম্পদৰ সম্ভাৱনাক আগুৱাই নিয়াৰ৷

খানাপাৰাস্থিত প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত তিনি ঘণ্টাতকৈ অধিক সময় চলা বৈঠকৰ পিছত মুখ্যমন্ত্ৰীয়ে কৈছিল, ” শীঘ্ৰেই,অৰ্থনৈতিক কাম কাজ আগবঢ়াবলৈ পৰামৰ্শ দিছে অৰ্থনীতিবিদসকলে৷ কোৰোণাৰ বিৰুদ্ধে যুঁজখন চলাই নিবলৈ কৈছে৷ ১০০ দিনীয়া কৰ্মসূচী লোৱাৰ দিছে পৰামৰ্শ৷ টাস্ক ফ’ৰ্চ গঠন কৰি কৃষক, শ্ৰমিক, শিপিনীক সহায় কৰাৰ পৰামৰ্শ দিছে৷ দিছে অৰ্থনীতিৰ বুনিয়াদ গঢ়িবলৈ পৰামৰ্শ৷ সম্ভাৱনা থকা সকলো ক্ষেত্ৰত বিনিয়োগৰ দিছে পৰামৰ্শ৷ যোগ্য যুৱকক টাস্ক ফ’ৰ্চত নিয়োগ কৰাৰ পৰামৰ্শ দিছে৷’’

বিত্ত মন্ত্ৰীয়ে দিয়া তথ্য ভিত্তিক প্ৰতিবেদনৰ ভিত্তিত অৰ্থনীতিবিদসকলে পৰামৰ্শ প্ৰদান কৰিছে বুলিও মন্তব্য কৰিছিল মুখ্যমন্ত্ৰীয়ে৷ মুখ্যমন্ত্ৰীয়ে কৈছিল – মোৰ দৃঢ় বিশ্বাস আমি অৰ্থনৈতিক দিশটো পুনৰ টনকিয়াল কৰিব পাৰিম ৷ এই বৈঠকৰ পিছতে তাৎক্ষণিকভাৱে দেওবাৰে মুখ্যমন্ত্ৰী সোণোৱালে গঠন কৰিলে উচ্চস্তৰীয় পৰামৰ্শদাতা সমিতি৷

About the author

+ posts