COVID-19ৰ বৰ্ধিত সংক্ৰমণৰ মাজত আজিৰে পৰা দেশত আৰম্ভ হৈছে ল’কডাউনৰ তৃতীয়া পৰ্যায়। ল’কডাউনত আৱদ্ধ প্ৰৱাসী শ্ৰমিকসকলক নিজৰ গৃহ ৰাজ্যলৈ উভতি যোৱাৰ কাৰণে ভাৰা লোৱাক লৈ চৰকাৰ আৰু বিৰোধীৰ মাজত সংঘাত সৃষ্টি হৈছে। কংগ্ৰেছ নেত্ৰী ছোনীয়া গান্ধীয়ে ইয়াৰ মাজতে ঘোষণা কৰিছে যে ঘৰলৈ উভতা শ্ৰমিক, দিন হাজিৰা কৰা লোকৰ ৰে’ল যাত্ৰাৰ খৰছ কংগ্ৰেছ প্ৰদেশ কমিটীয়ে বহন কৰিব।

ৰে’লৱেৰ চাৰ্কুলাৰ মতে, স্থানীয় চৰকাৰী বিষয়াৰ অনুমতি পোৱাৰ পিছত শ্ৰমিকসকলে অনুমতি প্ৰাপ্ত টিকট ক্ৰয় কৰিব লাগিব। এই ধন ৰে’লৱেক পৰৱৰ্তী সময়ত প্ৰদান কৰিব চৰকাৰী বিভাগে। ইয়াৰ মাজতে কংগ্ৰেছে শ্ৰমিকসকলৰ কাৰণে এই বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে।

টুইটাৰত এই ঘোষণা কৰিছে ছোনীয়া গান্ধীয়ে।

তেওঁ লগতে যুক্তি প্ৰদৰ্শন কৰে যে, যেতিয়া বিদেশত আৱদ্ধ ভাৰতীয়সকলক উদ্ধাৰ কৰিবলৈ নিজৰ দায়িত্ব ভাবি বিমানেৰে বিনামূলীয়া যাত্ৰাৰে তেওঁলোকক উভতাই আনিব পাৰো। যেতিয়া আমি গুজৰাটৰ এটা কাৰ্যসূচীত ৰাজকোষৰ ১০০কোটি টকা খৰছ কৰিব পাৰো, যেতিয়া ৰে’ল মন্ত্ৰালয়ে প্ৰধানমন্ত্ৰীৰ কোৰোণা কোষত ১৫১কোটি টকা দান কৰিব পাৰে তেনেহ’লে এইসকল গুৰি ধৰোতাক বিনামূলীয়া ৰে’ল যাত্ৰাৰ সুবিধা কিয় প্ৰদান কৰা নাই।

About the author

+ posts