কাইলৈৰ পৰা দেশত আৰম্ভ হ’ব তৃতীয় পৰ্যায়ৰ ল’ক ডাউন। কিন্তু এইবাৰৰ ল’ক ডাউন আগৰ দুবাৰতকৈ হ’ব কিছু পৃথক। অৰেঞ্জ জ’ন আৰু গ্ৰীণ জ’নত থাকিব বহু খিনি শিথিলতা। ল’ক ডাউনৰ সন্দৰ্ভত ৰাজ্য চৰকাৰেও নিজাববীয়াকৈ জাৰি কৰিছে নীতি নিৰ্দেশনা। এই সন্দৰ্ভত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে সন্ধিয়া আয়োজন কৰে এখন সংবাদমেলৰ।

ৰাজ্যৰ ব্যক্তিগত আৰু চৰকাৰীখণ্ডৰ কাৰ্যালয়সমূহলৈ কাইলৈৰ পৰা ৫০ শতাংশ কৰ্মচাৰী আহিব পাৰিব বুলি মন্তব্য কৰে মন্ত্ৰী শৰ্মাই। কিন্তু চৰকাৰী বা ব্যক্তিগত খণ্ডৰ যিসকল মহিলা কৰ্মচাৰীৰ পাঁচ বছৰৰ তলৰ সন্তান আছে, তেওঁলোক আহিব নালাগে কাৰ্যালয়লৈ।

আন কেতবোৰ গুৰুত্বপূৰ্ণ ঘোষণা

  • সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৬ বজালৈ জাৰি কৰা হৈছে সান্ধ্য আইন। কিন্তু খুলিব পাৰিব ফাৰ্মাচী।
  • সন্ধ্যা ৫ বজালৈকে ব্যক্তিগতখণ্ডৰ চিকিত্‍সালয়, OPD Lab খুলিব পাৰিব।
  • সন্ধ্যা ৫ বজালৈকে অকলসৰে থকা দোকান খুলিব পাৰিব।
  • মাৰ্কেট কমপ্লেক্স, শ্বপিং কমপ্লেক্স বন্ধ থাকিব।
  • অট’ ৰিক্সা, টেক্সি, ৰিক্সা চৰ্তসাপেক্ষে চলাব পাৰিব।
  • ৰাজ্যত যিকোনো ধৰণৰ পশুধন কঢ়িওৱা বাহন সোমাব নোৱাৰিব।
  • সোমবাৰৰ পৰা ৰাজ্যত আৰম্ভ হ’ব সকলো ধৰণৰ ই-কমাৰ্চ।
  • খুলিব পাৰিব ৰেষ্টুৰেণ্ট, হোটেল। কিন্তু কোনেও ৰেষ্টুৰেণ্টত বহি খাদ্য গ্ৰহণ কৰিব নোৱাৰিব।
  • বন্ধ থাকিব চেলুন, বিউটি পাৰ্লাৰ।
  • ৫০ শতাংশ কৰ্মচাৰীৰে আৰম্ভ হ’ব  চৰকাৰী আৰু ব্যক্তিগতখণ্ডৰ কাৰ্যালয়।
  • বাহিৰলৈ ওলালে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক।
  • গাড়ীত চালক সহ মুঠ যাত্ৰী তিনিজন।
  • দুচকীয়া বাহনত মাত্ৰ এজন। কিন্তু মহিলা যাব পাৰিব।
  • জিম, চিনেমা হ’ল বন্ধ থাকিব।
  • চৰকাৰী,বেচৰকাৰী খণ্ডৰ মহিলা কৰ্মচাৰীৰ ৫ বছৰীয়া সন্তান থাকিলে আহিব নালাগে কাৰ্যালয়লৈ।
  • সাপ্তাহিক বজাৰ বন্ধ থাকিব।
  • খুলিব পাৰিব দোকান। কিন্তু এক তৃতীয়াংশ খোলাৰ হে অনুমতি।
  • সামাজিক দুৰত্ব মানি চলাটো বাধ্যতামূলক।
  • আৰম্ভ হ’ব কেব চাৰ্ভিচ। কিন্তু চালকৰ সহ দুজন লোকহে উঠিব পাৰিব।

About the author

+ posts