কাইলৈৰ পৰা দেশত আৰম্ভ হ’ব তৃতীয় পৰ্যায়ৰ ল’ক ডাউন। ল’ক ডাউনৰ সময়ত কি কি দিশত থাকিব শিথিলতা? এই সন্দৰ্ভত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল। কাইলৈৰ পৰা ৰাজ্যত আৰম্ভ হ’ব আন্তঃজিলা বাছ সেৱা। কিন্তু অৰেঞ্জ জ’ন আৰু ৰেড জ’নত বন্ধ থাকিব বাছ সেৱা। কিন্তু ৫০ শতাংশ যাত্ৰীৰেহে চলাচল কৰিব পাৰিব বাছ। কেৱল ASTCয়েই নহয়, ASTCৰ অধীনত থকা বাছ চলাচলতো অনুমতি। কিন্তু  ৰাষ্ট্ৰীয় ঘাইপথেৰে যাওতে, অৰেঞ্জ জ’ন বা ৰেড জ’নত ৰখাব নোৱাৰিব গাড়ী।

মন্ত্ৰী শৰ্মাৰ অন্যান্য গুৰুত্বপূৰ্ণ ঘোষণা-

  • সোমবাৰৰ পৰা ৰাজ্যত আৰম্ভ হ’ব সকলো ধৰণৰ ই-কমাৰ্চ।
  • খুলিব পাৰিব ৰেষ্টুৰেণ্ট, হোটেল। কিন্তু কোনেও ৰেষ্টুৰেণ্টত বহি খাদ্য গ্ৰহণ কৰিব নোৱাৰিব।
  • বন্ধ থাকিব চেলুন, বিউটি পাৰ্লাৰ।
  • ৫০ শতাংশ কৰ্মচাৰীৰে আৰম্ভ হ’ব  চৰকাৰী আৰু ব্যক্তিগতখণ্ডৰ কাৰ্যালয়।
  • বাহিৰলৈ ওলালে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক।
  • গাড়ীত চালক সহ মুঠ যাত্ৰী তিনিজন।
  • দুচকীয়া বাহনত মাত্ৰ এজন। কিন্তু মহিলা যাব পাৰিব।
  • জিম, চিনেমা হ’ল বন্ধ থাকিব।
  • চৰকাৰী,বেচৰকাৰী খণ্ডৰ মহিলা কৰ্মচাৰীৰ ৫ বছৰীয়া সন্তান থাকিলে আহিব নালাগে কাৰ্যালয়লৈ।
  • সাপ্তাহিক বজাৰ বন্ধ থাকিব।
  • খুলিব পাৰিব দোকান। কিন্তু এক তৃতীয়াংশ খোলাৰ হে অনুমতি।
  • সামাজিক দুৰত্ব মানি চলাটো বাধ্যতামূলক।
  • আৰম্ভ হ’ব কেব চাৰ্ভিচ। কিন্তু চালকৰ সহ দুজন লোকহে উঠিব পাৰিব।

About the author

+ posts