চীনৰ Guangzhou Wondfo Biotech আৰু Zhuhai Livzon Diagnostics–এ প্ৰস্তুত কৰা ত্ৰুটীপূৰ্ণ কোৰোণা ৰেপিড টেষ্ট কিট ব্যৱহাৰ ভাৰতে বন্ধ কৰাৰ ঘোষণাৰ পিছতে অস্বস্তিত পৰিছে ভাৰত। ICMR-ৰ ঘোষণাৰ পিছতে চীনে প্ৰকাশ কৰিছে আনুষ্ঠানিক প্ৰতিক্ৰিয়া।
মঙলবাৰে দুটা চীনা কোম্পানীয়ে প্ৰস্তুত কৰা ৰেপিড টেষ্ট কিটৰ ব্যৱহাৰ বন্ধ কৰাৰ আইচিএমআৰৰ সিদ্ধান্তত উদ্বেগ প্ৰকাশ কৰি কয় যে তেওঁলোকৰ সামগ্ৰী মানসম্পন্ন আৰু বিভিন্ন দেশলৈ পঠিওৱা হৈছে।
“চীনৰ পৰা ৰপ্তানি কৰা চিকিৎসাজনিত সামগ্ৰীৰ মানক সৰ্বাধিক গুৰুত্ব দিয়ে চীনে। একাংশই চীনৰ সামগ্ৰীক ‘ত্ৰুটীপূৰ্ণ’ কোৱাটো অন্যায় আৰু দায়িত্বহীন কথা। পূৰ্ব সিদ্ধ ধাৰণাৰে সমগ্ৰ বিষয়টো চোৱা অনুচিত।” চীনা দূতাবাসৰ মুখপাত্ৰ জি ৰঙে মঙলবাৰে এক বিবৃতিত এই কথা কয়।
“দুটা চীনা কোম্পানীয়ে প্ৰস্তুত কৰা Covid-19 এণ্টিবডী টেষ্ট কিট ইউৰোপ, এছিয়া আৰু লেটিন আমেৰিকাৰ বিভিন্ন দেশত স্বীকৃতিপ্ৰাপ্ত আৰু ব্যৱহাৰ কৰা হৈছে।” তেওঁ কয় যে আইচিএমআৰৰ এই সিদ্ধান্ত একপক্ষীয় আৰু উদ্বেগজনক।
জিয়ে লগতে দাবী কৰে যে এই টেষ্ট কিটবোৰৰ ব্যৱহাৰ আৰু ইঠাইৰ পৰা সিঠাইলৈ নিওতে পেছাদাৰী ব্যৱহাৰৰ প্ৰয়োজন তেতিয়াহে এই কিটবোৰ সঠিক ফলাফল দিয়াৰ সম্ভাৱনা থাকে। তেওঁ তথ্যৰ ওপৰত ভিত্তি কৰিহে নতুন দিল্লীয়ে সিদ্ধান্ত গ্ৰহণ কৰাৰ সপক্ষে টিপ্পণী কৰে।
উল্লেখযোগ্য যে, চীনৰ পৰা অনা অধিকাংশ কোৰোণা টেষ্ট কিটৰ সমস্যা থকাৰ কাৰণে এই দিশত সকলো অৰ্ডাৰ বাতিল কৰিছে ভাৰতে। চীনৰ বিভিন্ন সংস্থাৰ পৰা অহা এই টেষ্ট কিটবোৰ অনুমোদন কৰে চেন্ট্ৰেল ড্ৰাগ ষ্টেণ্ডাৰ্ড ক’ন্ট্ৰল অৰ্গেনাইজেশ্যন (CDSCO)৷
সূত্ৰৰ খবৰ মতে, চীনৰ পৰা অহা টেষ্ট কিটক লৈ সমস্যাত পৰিছে ভাৰত চৰকাৰ। সেইকাৰণে কেইবাটাও চীনা কোম্পানীৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। আইচিএমআৰৰ ফালৰ পৰা তোলা হৈছে গুণগত মানক লৈ প্ৰশ্ন।
বিৰোধীও এই ত্ৰুটীপূৰ্ণ কিটৰ বিৰুদ্ধে সৰৱ হৈছিল। এই পৰিস্থিতিত অৱশেষত চীনা টেষ্ট কিট বাতিল কৰিলে ভাৰতে। এই কিটবোৰেৰে আৰু কোনো নমুনা পৰীক্ষা কৰা নহয় বুলি জনাই দিছে ভাৰতে। লগতে এই আমদানি কৰা কিট বাতিল কৰাৰ ফলত কোনো আৰ্থিক সমস্যা নহয় আৰু দেশৰ এটকাও নষ্ট নহয় বুলি দাবী কৰিছে আইচিএমআৰে। এইপৰ্যন্ত চীনা কোম্পানীক এই কিটৰ কাৰণে কোনো টকা দিয়া হোৱা নাই বুলি জনাইছে ভাৰতে।
দ্ৰুত পৰীক্ষাৰ কাৰণে ব্যৱস্থা লৈছিল ইণ্ডিয়ান মেডিকেল কাউন্সিলে। যিকাৰণে বিপুল পৰিমাণৰ টেষ্ট কৰোৱাৰ লক্ষ্য লৈ চীনৰ দুটি সংস্থা ওৱাণ্ডফো বায়’টেক আৰু লিভজেন ডায়গনষ্টিকৰ সৈতে চুক্তি কৰা হৈছিল। কমেও ৫লাখ ৰেপিড এণ্টিবডি টেষ্ট কিট অনা হৈছিল দেশখনৰ পৰা। কিন্তু তাৰ পিছত বিভিন্ন সময়ত এই টেষ্ট কিটবোৰে ত্ৰুটীপূৰ্ণ ফলাফল দিয়াত এই সকলো কিট বন্ধ কৰি দিয়া হয়।
উল্লেখ্য যে, চীনৰ পৰা কিট আমদানি কৰাৰ কাৰণে ভাৰত চৰকাৰে দুগুণ দাম দিবলগীয়া হৈছে। এই মৰ্মে দিল্লী হাইক’ৰ্টত এটি গোচৰো ৰুজু কৰা হৈছে। চৰকাৰে জনাইছে এই টেষ্ট কিটৰ কাৰণে দেশৰ এটকাও খৰছ নহয়। অৰ্থাৎ ত্ৰুটীপূৰ্ণ টেষ্ট কিটৰ কাৰণে চৰকাৰী ধন নষ্ট হোৱাৰ যি অভিযোগ উঠিছিল সেয়া একপ্ৰকাৰ খাৰিজ কৰা হ’ল।