অতি শীঘ্ৰে শিক্ষা সংসদে এই সন্দৰ্ভত কৰিব আনুষ্ঠানিক ঘোষণা

এইবাৰ নহয় উচ্চতম মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষা। পৰীক্ষা অবিহনেই সকলো ছাত্ৰ-ছাত্ৰী উন্নীত হব দ্বাদশ শ্ৰেণীলৈ। কোৰোণা ভাইৰাছৰ ভয়াৱহতালৈ লক্ষ্য কৰি এতিয়া এই সিদ্ধান্ত লোৱাৰ পথত আগবাঢ়িছে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ। উল্লেখযোগ্য যে, অতি শীঘ্ৰে শিক্ষা সংসদে এই সন্দৰ্ভত কৰিব আনুষ্ঠানিক ঘোষণা।

কোৰোণা প্ৰতিহত কৰিবলৈ এতিয়া সমগ্ৰ দেশত ল’ক ডাউন। ল’ক ডাউনৰ ফলত বন্ধ হৈ আছে সকলো স্কুল কলেজ। কোৰোণা ভাইৰাছে এতিয়া বিভিন্ন পৰীক্ষা অনুষ্ঠিত কৰাতো সৃষ্টি কৰিছে সমস্যাৰ। তাৰ পৰিপ্ৰেক্ষিততে শিক্ষা সংসদে এনে সিদ্ধান্ত ল’বলৈ আগবাঢ়িছে বুলি জানিব পৰা গৈছে।  জানিব পৰা মতে,  ভাৰতৰ আন আন শিক্ষা বৰ্ডেও ২০২০ বৰ্ষৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষা অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

পূৰ্বে ২৫ মাৰ্চৰ পৰা ৯ এপ্ৰিললাকৈ উচ্চতৰ মাধ্যমিকৰ প্ৰথমবৰ্ষৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ কথা আছিল যদিও কোৰোণা ভাইৰাছৰ বাবে পৰীক্ষা বাতিল কৰিবলগীয়া হৈছিল। বৰ্তমান সময়ৰ নাটনি হোৱাৰ বাবেই শিক্ষা সংসদে এই সিদ্ধান্ত লবলৈ বাধ্য হৈছে বুলি অনুমান কৰা হৈছে।

About the author

+ posts