জুইৰ লেলিহান শিখাই এটাৰ পিছত এটাকৈ ছিঙ্গুলীপাৰা গাঁওখনৰ প্ৰায় অধিকাংশ পৰিয়ালৰ ঘৰ গ্ৰাস কৰে।

নিশা ধুবুৰী–গোৱালপাৰা জিলাৰ সীমান্তৱৰ্তী ছিঙ্গুলীপাৰা গাঁৱত বিধ্বংসী অগ্নিকাণ্ড। নিশা প্ৰায় ডেৰ বজাত সূত্ৰপাত হোৱা অগ্নিকাণ্ডত চাৰখাৰ হ’ল এখন চৰ। জুইৰ লেলিহান শিখাই এটাৰ পিছত এটাকৈ ছিঙ্গুলীপাৰা গাঁওখনৰ প্ৰায় অধিকাংশ পৰিয়ালৰ ঘৰ গ্ৰাস কৰে।

ৰান্ধনী ঘৰৰ পৰা জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে। খবৰ পোৱাৰ পিছতে ঘটনাস্থলীত শালকোচা আৰক্ষী আৰু চাপৰ-বিলাসীপাৰাৰ অগ্নিনিৰ্বাপক বাহিনীৰ দল উপস্থিত হয়। এই অগ্নিকাণ্ডত কেইবালাখ টকাৰ সা-সম্পত্তি ভস্মীভূত হয়। এতিয়ালৈকে পোৱা তথ্য মতে ৩৯টা পৰিয়ালৰ সৰু–ডাঙৰ প্ৰায় ১৪৮টা ঘৰ ভস্মীভূত হৈছে।

About the author

+ posts