স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনালে এই কথা।

অসমত কোৰোণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২৭জনলৈ বৃদ্ধি পালে। নতুনকৈ আৰু এজন লোক আক্ৰান্ত হৈছে এই মাৰাত্মক ভাইৰাছত। স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনালে এই কথা। ধুবুৰী জিলাত এজন লোকৰ দেহত ধৰা পৰিছে কোৰোণা পজিটিভ। এই লোকজনো দিল্লীৰ নিজামুদ্দিন কাণ্ডৰ সৈতে জড়িত। টুইটাৰযোগে হিমন্ত বিশ্ব শৰ্মাই এই কথা জানিবলৈ দিয়ে।

উল্লেখযোগ্য দিল্লীৰ নিজামুদ্দিন কাণ্ডৰ সৈতে জড়িত একাংশ লোকে এতিয়াও আত্মগোপন কৰি আছে ৰাজ্যৰ বিভিন্ন স্থানত। সেই লোকসকলক স্বেচ্ছাই ওলাই আহিবলৈ নিৰ্দেশ দিয়া হৈছে। অন্যথা তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব আৰক্ষী–প্ৰশাসনে।

About the author

+ posts