নিজামুদ্দিনৰ ঘটনাৰ বাদে মূলখুটিৰ সকলোৱে হোম কোৱাৰেণ্টাইন মানিছে। ৯ তাৰিখে পৰ্যায়ক্ৰমে ৭৪হাজাৰ লোকক হোম কোৱাৰেণ্টাইনৰ পৰা মুকলি কৰি দিব পৰা যাব।

কোৰোণা ভাইৰাছক লৈ আজি পুনৰ এক সংবাদমেল সম্বোধন কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সংবাদমেলত মন্ত্ৰীগৰাকীয়ে কয় – আমাৰ সন্মুখত দুটা প্ৰত্যাহ্বান আহি আছে৷ ১৪ তাৰিখে লকডাউন খুলিলে অসমৰ বাহিৰত থকাসকল একেলগে অসমলৈ আহিলে একেলগে কোৱাৰেণ্টাইন কৰিব পৰা নাযাব। আমি পাঁচ হাজাৰ পাঁচ হাজাৰ কৈ আনিব লাগিব। এই সময়ত অসমত প্ৰৱেশ কৰিবলৈ হ’লে অনুমতি ল’ব লাগিব।

বৃহস্পতিবাৰে আমি এটা ৱেবছাইট আৰম্ভ কৰিম৷ তাত আবেদন কৰিব পাৰিব৷ অসমত বাহিৰত থকাসকলে তাত নামভৰ্তি কৰিব লাগিব৷ ক’ৰ মানুহ ক’ত আছে সকলো উল্লেখ কৰিব লাগিব৷ Entry Permit ল’ব লাগিব৷ জনালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

আজিৰ পৰা ভলেণ্টিয়েৰী ছাৰ্ভিচ মুকলি কৰিম। মুকলি কৰা হ’ব ৱেবছাইট। যিসকলে এই ছাৰ্ভিচ কৰাৰ বাবে আগ্ৰহী তেওঁলোকে আবেদন কৰিব পাৰিব। চিকিৎসক–নাৰ্ছসকলে কৰিব পাৰিব আবেদন। জনালে মন্ত্ৰী শৰ্মাই।

নিজামুদ্দিনৰ ঘটনাৰ বাদে মূলখুটিৰ সকলোৱে হোম কোৱাৰেণ্টাইন মানিছে। ৯ তাৰিখে পৰ্যায়ক্ৰমে ৭৪হাজাৰ লোকক হোম কোৱাৰেণ্টাইনৰ পৰা মুকলি কৰি দিব পৰা যাব। এতিয়া ৯ তাৰিখলৈ অপেক্ষা৷ ক’লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

About the author

+ posts